![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ বালুহণ্ডৰত পথৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ পুৰুষৰ মৃতদেহ। মৃত ব্যক্তিজনৰ নাম শংকৰ দেৱ নাথ (৪৫) । ঘৰ বৰদলংত । পুৱা দোকান লৈ আহি, নিজৰ ল’ৰাটোক দোকানত বঢ়োৱাই ওলাই যোৱাৰ পিছৰ পৰা সন্ধানহীন হৈ আছিল শংকৰ দেৱ নাথ। কোনোবাই হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ পৰিয়ালৰ লোকৰ। ঘটনা সন্দৰ্ভত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।












