![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ৰাইজৰ দলত যোগদান কৰাৰ ছমাহ সম্পূৰ্ণ নহওঁতেই পুনৰ দল সলনি কৰিলে অভিনেত্ৰী জেৰিফা ৱাহিদে৷ ৰাইজৰ দলৰ পৰা জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে এইবাৰ যোগদান কৰে অসম জাতীয় পৰিষদত৷ সোমবাৰে অজাপৰ আমবাৰীস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত অভিনেত্ৰীগৰাকীয়ে জাতীয় পৰিষদত যোগদান কৰে।
ৰাইজৰ দল এৰি জাতীয় পৰিষদত যোগদান প্ৰসংগত সাংবাদিকৰ আগত জেৰিফা ৱাহিদে কয়, ‘ৰাইজৰ দলত কাম কৰিবলৈ ভাল পোৱা নাছিলো। সেইকাৰণে মই অসম জাতীয় পৰিষদত যোগদান কৰিছো। ইয়াত কাম কৰাৰ সুবিধা লাভ কৰিম৷’ অৱশ্যে জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত কোনো মতানৈক্য নাই বুলি উল্লেখ কৰি ৰাইজৰ দলৰ সকলো প্ৰাৰ্থীৰ বিজয় কামনা কৰে।













