![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
দিছপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীৰ অতুল বৰা বিৰুদ্ধে দলীয় কৰ্মীৰ ক্ষোভ। দলীয় টিকট বঞ্চিত উপ-সভাপতি জয়ন্ত দাসসহ একাংশ বিজেপিৰ সমৰ্থকে দলীয় টিকট লাভ কৰা বৰ্তমানৰ বিধায়ক বৰা বিৰুদ্ধে মুকলি কৈ প্ৰকাশ কৰিলে দলীয় বিষুদগাৰ।
উল্লেখ ৩০টা বছৰ বিজেপিৰ দলৰ হৈ সেৱা আগবঢ়োৱা বৰ্তমান দলৰ ৰাজ্যিক উপ-সভাপতি দাসে দলীয় টিকট বিচাৰিছিল। কিন্তু দলে পুনৰ দলীয় টিকট অতুল বৰাক প্ৰদানৰ পাছতে ক্ষোভ প্ৰকাশ কৰে দাসে।
ৰুক্মিণী নগৰৰ বিহুতলীৰ খেলপথাৰত দাসে দলীয় সমৰ্থকলৈ প্ৰাৰ্থীত্ব লাভ কৰা বৰাক জনালে প্ৰত্যাহ্বান। যদি দম আছে দলীয় টিকট ঘূৰাই দিয়ক। মোৰ সৈতে নিৰ্দলীয় খেলক। ১ লাখ ভোটৰ ব্যৱধানত পৰাস্ত হ’ব।
‘দিছপুৰৰ মাজ-মজিয়াত বহু পথৰ অৱস্থা আজিও ভাল নহ’ল। বৰাক মই হজম কৰিব নোৱাৰো। দৰকাৰ হ’লে দিছপুৰৰ সলনি জালুকবাৰী-পূব গুৱাহাটীৰ সমষ্টিত দলীয় নিৰ্বাচনী প্ৰচাৰ চলাম। তাৰ বাবে দলে মোক বহিষ্কাৰ কৰিলেও কৰিব’- দাসে কয়।
সমষ্টিবাসী বিজেপি জনতাৰ সৈতে মঙলবাৰে আলোচনাত মিলিত হৈ আৱেগিক হৈ জয়ন্ত দাসে কয়- যোৱা ৫ বছৰে বৰাই সমষ্টিবাসীৰ বাবে একো নকৰিলে। যাৰ বাবে দলৰ সমৰ্থকসকলে নিৰ্বাচনত মোক নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বীতা আগবঢ়াবলৈ পৰামৰ্শ দিছে। কিন্তু মই দুটা দিনৰ সময় লৈছোঁ। মোৰ সিদ্ধান্ত অৱগত কৰিম।
আনহাতে, দাসে নিৰ্বাচনত অৱৰ্তীন নহ’লেহে অতুল বৰা জয়ী হ’ব বুলি উল্লেখ কৰে।
গুৰুত্বপূৰ্ণ দলৰ বাবে ত্যাগ কৰিব পাৰিম, কিন্ত মহাজোঁট বন্ধনৰ পৰা মনজিৎ মহন্তক জিকিব দিব নোৱাৰোঁ। কোনো দৰেই মোক মেনেজ কৰিব নোৱাৰে। দলে টিকট দিলেহে মেনেজ হ’ম। দেশ জাতিৰ বাবে কিবা কৰিব লগা হ’লেহে মই মেনেজ হ’ম।













