![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
৯২নং লামডিং বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী স্বপন কৰয়ে প্ৰাৰ্থীত্ব লাভ কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে লামডিং সমষ্টিৰ কংগ্ৰেছ কৰ্মীসকল। আৰম্ভ কৰিছে নিৰ্বাচনী ৰণ কৌশল আৰু আজি তাৰে সমান্তৰালকৈ প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ দলপতি ৰকিবুল হুছেইন লংকাত উপস্থিত হৈ দলীয় কৰ্মীসকলৰ লগত আগন্তুক নিৰ্বাচনৰ ৰণ-কৌশল প্ৰস্তুত সম্পৰ্কে এক আলোচনাত মিলিত হোৱাৰ লগতে বিজেপিৰ চৰকাৰৰ লগতে একালৰ বন্ধুখ্যাত আওপকীয়াকৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰে।












