লংকাৰ পৰা মনোজ কুমাৰ পাঠক
আজি উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হোজাই জিলাত উপস্থিত হৈ বিজেপি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই । জিলাখনৰ দুই সমষ্টি ক্ৰমে হোজাই আৰু লামডিং সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰামকৃষ্ণ ঘোষ আৰু শিবু মিশ্ৰ্ৰৰ হৈ আয়োজিত লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত এক নিৰ্বাচনী সভাত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিৰ্বাচনী প্ৰচাৰ চলাই।
ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াক লগত লৈ হেলিকপ্টাৰ যোগে জিলাখনৰ লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত হয় । প্ৰখৰ ৰ’দকো নেওচি কেইবা সহস্ৰাধিক লোকৰ সন্মুখত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৱল নেতৃত্বক প্ৰশংসা কৰে যোগী আদিত্যনাথে। ৰাম মন্দিৰৰ প্ৰসংগ উল্লেখ কৰে যোগী আদিত্য নাথে । ত্ৰিপুল তালাক এয়াৰ স্ট্ৰাইক, চাৰ্জিকেল স্ট্ৰাইক আদিও মোডীৰ নেতৃত্বতে হোৱা বুলি উল্লেখ কৰি চৰকাৰ তেনেকুৱাই লাগে বুলি উল্লেখ যি চৰকাৰে উন্নয়নো কৰিব পাৰে দেশক সুৰক্ষা দিব পাৰে বুলি উল্লেখ কৰি হোজাই আৰু লামডিং সমষ্টিৰ প্ৰাৰ্থীক ভোট দি জয়ী কৰিবলৈ আহ্বান জনাই ।












