![]()
আজি সন্ধিয়া ৰংঘৰ চাৰিআলিত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অখিল গগৈৰ মাতৃ পিয়লা গগৈয়ে।
শিৱসাগৰ বিধানসভা সমষ্টিত নিৰ্বাচনী যুঁজ এইবাৰ আকৰ্ষণ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টীৰ সুৰভি ৰাজকুমাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ শুভ্ৰমিত গগৈৰ লগতে নৱগঠিত ৰাজনৈতিক দল দুয়োটাৰ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মনোনীত প্ৰাৰ্থী হিচাপে ১০৮নং সমষ্টিৰ প্ৰাৰ্থী হৈছে কৃষক নেতা অখিল গগৈ।
আজি অখিল গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত শিৱসাগৰত উপস্থিত হয় অখিল গগৈৰ মাতৃ পিয়লা গগৈ।
অখিল গগৈৰ মাতৃয়ে শিৱসাগৰৰ সমষ্টিৰ প্ৰতিটো ঘৰত উপস্থিত হয় অখিল গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আৰু ভোট ভিক্ষা কৰে।












