![]()
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি অসম বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ মনোনয়ন-পত্ৰ দাখিল উপলক্ষে পাটাচাৰকুছিত এক বিশাল ৰাজহুৱা সমদলত অংশগ্ৰহণ কৰে। সমদলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৬ চনত ক্ষমতালৈ অহাৰ সময়ত বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ আন্তৰিক প্ৰচেষ্টা কৰা হৈছে।

তেওঁ দৃঢ়তাৰে কয় যে ৰাজ্যখনৰ বিজেপি চৰকাৰে যোৱা ৫ বছৰত অসমত কংগ্ৰেছ চৰকাৰে এৰি যোৱা নিম্ন উন্নয়নৰ আখ্যান সম্পূৰ্ণৰূপে ৰূপান্তৰ কৰিছে আৰু ই সমাজৰ সকলো পৰ্যায়ৰ লোকক সন্মানেৰে জীৱন-যাপন কৰিবলৈ ক্ষমতা প্ৰদান কৰিছে। বিজেপিয়ে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ অপশাসন, দুৰ্নীতি, পক্ষপাতিত্ব আদি সমাপ্ত কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে বুলিও তেওঁ কয়।

পাটচাৰকুচি অঞ্চল বৌদ্ধিকভাৱে বিকশিত বুলি কৈ সোণোৱালে উল্লেখ কৰে যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত পূৰ্বৰ চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ কেতিয়াও পূৰণ কৰা নাছিল। আনহাতে বিজেপি চৰকাৰে সন্ত্ৰাসবাদমুক্ত, দুৰ্নীতিমুক্ত, অবৈধ প্ৰব্ৰজনকাৰীমুক্ত আৰু প্ৰদূষণমুক্ত অসমৰ প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে চেষ্টা কৰি আহিছে। তেওঁ লগতে কয় যে বিজেপি চৰকাৰে অসমক দেশৰ শীৰ্ষ ৰাজ্য হোৱাৰ দৌৰত অংশগ্ৰহণকাৰী হোৱাৰ ভেটি প্ৰস্তুত কৰিছে আৰু কংগ্ৰেছ চৰকাৰৰ সময়ত ঘোচ অবিহনে কোনো কাম কৰিব পৰা যোৱা নাছিল বুলি মনত পেলাই দিয়ে।

তেওঁ কয় যে এতিয়া হিতাধিকাৰীসকলে মধ্যভোগী অবিহনে তেওঁলোকৰ বেঙ্ক একাউণ্টত পোনপটীয়াকৈ চৰকাৰী আঁচনিৰ সুবিধা পাবলৈ সক্ষম হৈছে আৰু বহুতো মেধাৱী দৰিদ্ৰ যুৱকক স্বচ্ছভাৱে চাকৰি দিয়া হৈছে। কিয়নো চৰকাৰী নিয়োগ প্ৰণালীৰ পৰা অনিয়ম আৰু দুৰ্নীতি আঁতৰ কৰা হৈছে। অসমক দেশৰ শীৰ্ষ ৰাজ্যসমূহৰ ভিতৰত এখন কৰাৰ বাবে সোণোৱালে জনসাধাৰণক পুনৰ ৫ বছৰৰ বাবে বিজেপিক ক্ষমতালৈ আনিবলৈ আহ্বান জনায় আৰু কয় যে ৰাজ্যৰ যুৱকসকলে বৰ্তমান চৰকাৰৰ সময়ত উৎকৃষ্টতা অৰ্জন কৰিবলৈ নিজ নিজ ক্ষেত্ৰত অধ্যয়ন আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত হৈছে। বিজেপিৰ নেতৃত্বত ৰাজ্য চৰকাৰে মানুহৰ ইচ্ছা আৰু আকাংক্ষাৰ প্ৰতি অতি সন্মান দেখুৱাইছে আৰু যোৱা পাঁচ বছৰত মুখ্য সমস্যাৰ সমাধান বিচাৰিবলৈ আন্তৰিকতাৰে কাম কৰিছে বুলি তেওঁ কয়।
আজিৰ এই সমদলৰ পিছত মুখ্যমন্ত্ৰীয়ে মৰাণ, টিংখাং আৰু সোণাৰিৰ খোৱাংত ৰাজহুৱা সভা আৰু সমদলত অংশগ্ৰহণ কৰে আৰু জনসাধাৰণক বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায়।












