![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ লংকাজান কমলাবাগান গাঁৱৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক ওচৰৰে লংকা উদালী দক্ষিণ জাৰনী গাঁৱৰ আব্দুল বাইছ নামৰ ব্যক্তিজনৰ পুত্ৰ বদৰউদ্দীন নামৰ এগৰাকী লম্পটে লগত আন এগৰাকী যুৱকক লগত লৈ ৰাতি আন্ধাৰৰ সুযোগত ঘৰৰ পৰা বলপূৰ্বক লৈ গৈ ওচৰৰে জংঘললৈ নি উপৰ্যপৰি ধৰ্ষণ কৰি পেলাই থৈ যায় । ঘটনা সংক্ৰান্তত ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে আৰু ঘটনাস্থলীত উদালী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।












