![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
হোজাই জিলাৰ দেৱস্থানত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। এজন স্বয়ম্ভু ফেচবুক সাংবাদিকৰ কামনাৰ বলি হৈ এগৰাকী কিশোৰীয়ে সন্তান প্ৰসৱ কৰাৰ গুৰুতৰ অভিযোগ উত্ত্থাপণ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ভুক্তভোগী কিশোৰীজনীয়ে ঘটনা সন্দৰ্ভত দেৱস্থান আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।
আৰক্ষীয়ে ১৩২/২১ নম্বৰৰ যোগে পঞ্জীয়ন কৰিছে এক গোচৰ। দেৱস্থানৰ বাসিন্দা কিশোৰীজনীক একে গাঁৱৰ বাসিন্দা মিনাজ নামৰ যুৱকে বিগত দুবছৰ ধৰি গঢ়ি তোলে প্ৰেমৰ সম্পৰ্ক। প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি প্ৰৱঞ্চণা আৰু প্ৰলোভনেৰে স্থাপন কৰে শাৰীৰিক সম্পৰ্কৰ। অবৈধ শাৰীৰিক সম্পৰ্কৰ ফলত যোৱা বৃহস্পতি বাৰে কিশোৰীজনীয়ে প্ৰসৱ কৰে এটা কন্যা সন্তান। ইয়াক লৈ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। মঙ্গলবাৰে হোজাই জিলা আইন সেৱা প্ৰাধিকাৰী আৰু হোজাই চাইল্ড লাইনৰ এটা দলে ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ আশ্বাস দিয়ে ন্যায় প্ৰদানৰ।
উল্লেখযোগ্য যে, গুৰুতৰ অভিযোগ উত্থাপিত হোৱা মিনাজ নামৰ যুৱকজন হৈছে স্বয়ম্ভু ফেচবুক পেজ যমুনা এন ইৰ সাংবাদিক। সাংবাদিকতাৰ নামলৈ একাংশ চৰম ঘৃণণীয় কাণ্ডত জড়িত হোৱাৰ গুৰুতৰ অভিযোগ তোলে সচেতন নাগৰিকে। ঘটনাৰ উচিত তদন্ত কৰি দোষীক ফাঁচীৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
মোৰাঝাৰ আৰক্ষী উপ-পৰিদৰ্শক ধনেশ্বৰ দাসে আজি নাটকীয়ভাৱে অভিযুক্ত মিনাজক গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীৰ জিম্মাত স্বয়ম্ভু সাংবাদিক মিনাজ ।












