![]()
অজন্তা তালুকদাৰ
বোকাখাত : নিৰ্বাচনৰ প্ৰাকক্ষণত বোকাখাতত অজাপ, ৰাইজৰ দল, কংগ্ৰেছকে ধৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ ধাৰাবাহিকভাৱে অগপত যোগদানৰ জোৱাৰ উঠিছে। যোৱা ১৮ মাৰ্চতো ৰাইজৰ দলৰ ৰাজ্যিক প্ৰতিষ্ঠাপক সম্পাদক মনোজ গগৈ, সহ-সম্পাদক যুগল জ্যোতি গগৈ, শতাধিক আছু নেতা-কৰ্মী, আপৰ সদস্য, কংগ্ৰেছৰ সদস্যই আনুষ্ঠানিকভাৱে বোকাখাতত অগপ দলত যোগদান কৰে ৷ অগপ সভাপতি অতুল বৰাৰ বোকাখাতৰ বাসগৃহত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাইজৰ দলৰ প্ৰতিষ্ঠাৰ লগত জড়িত মনোজ আৰু যুগলৰ অগপ গমনে দলটোত নিশ্চয়কৈ ঋণাত্মক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা অধিক বুলি চৰ্চিত হৈছে ৷

কিন্তু ৰাইজৰ দলৰ এচাম নেতাই কেৱল ক্ষমতাৰ স্বাৰ্থত জন্মলগ্নত জনতাক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ কৰিছে মনোজ গগৈয়ে। লগতে কেৱল অখিল গগৈক সন্মুখত ৰাখি দলটোৱে সফলতা আনিব নোৱাৰে বুলিও মনোজ গগৈয়ে মত পোষণ কৰে ৷
আনহাতে বোকাখাত মহকুমা ছাত্ৰসন্থাৰ পৰা পদত্যাগ কৰা ছাত্ৰ নেতা প্ৰাঞ্জল শৰ্মা, দীপাংকৰ হাজৰিকা, ৰৌচন ৰিজাল, কংকন শইকীয়াকে আদি কৰি অৰ্দ্ধশতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে অগপত যোগ দিয়ে ৷ কংগ্ৰেছ আৰু আপৰো কিছু সংখ্যক কৰ্মীয়ে অগপত যোগ দিয়ে ৷ প্ৰাক নিৰ্বাচনী কালত ৰাইজৰ দল, আছু, কংগ্ৰেছ সহ-কেইবাটাও দলৰ নেতা-কৰ্মীৰ অগপত যোগদান লক্ষণীয়ভাৱে আৰু নিশ্চিতভাৱে বোকাখাতৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক গুৰুত্বপূৰ্ণ খবৰ।













