নগাঁও : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰথিতযশা সাহিত্যিক, সংগীত শিল্পী, শিক্ষাবিদ ডঃ বীৰেন্দ্ৰ নাথ দত্তৰ গুৱাহাটীৰ বাসগৃহত উপস্থিত হৈ আজি নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষই বৰ্ষীয়ান শিল্পী-সাহিত্যিকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰা আৰু উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই গামোচা, চেলেং আৰু নগদ ধনেৰে ডঃ বীৰেন্দ্ৰ নাথ দত্তক সম্বৰ্ধনা জ্ঞাপন কৰে। শিক্ষা প্রতিষ্ঠানখনৰ কৰ্তৃপক্ষই এনেদৰে সম্বৰ্ধনা জ্ঞাপন কৰাত শাৰীৰিকভাৱে অসুস্থ ডঃ দত্তই সন্তোষ প্ৰকাশ কৰাৰ লগতে অভিভূত হৈ পৰা বুলি মন্তব্য কৰে।
উপাধ্যক্ষা সংগীতা বৰুৱা বৰাই শাৰীৰিকভাৱে অসুস্থ বৰ্ষীয়ান শিল্পী-সাহিত্যিকগৰাকীক এটি ঘোষাৰে সম্ভাষণ জনোৱাত ডঃ দত্তয়ো তেওঁৰ লগত সুৰ নিগৰায়। প্ৰথিতযশা শিল্পী-সাহিত্যিকগৰাকীক ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় আৰু মাধ্যমিক বিদ্যালয় পৰিয়ালে সম্বৰ্ধনা জ্ঞাপন কৰাৰ সময়ত শিল্পী ডাঃ অঞ্জনজ্যোতি বৰুৱা আৰু তপন লহকৰে সংগ দান কৰে ।