![]()
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৰাজ্যত দল ক্ষমতালৈ আহিলে চাহ সম্প্ৰদায়ৰ বাবে কল্যাণমূলক ব্যৱস্থা ৰূপায়ণৰ লগতে কা বাতিলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে তেওঁ নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰক পুৰণি বটলত নতুন সুৰা ভৰোৱাৰ দৰে ৰাইজক আঁভুৱা-ভাৰাৰ লগতে প্ৰতিশ্ৰুতিৰ বাদে উন্নয়নৰ কি কাম কৰিলে বুলি চৰকাৰক প্ৰশ্ন কৰে। তেওঁ আৰু কয় যে জাগীৰোড আৰু বৰাক উপত্যকাৰ বন্ধ হৈ থকা কাগজ কল দুটা কাৰ্যকৰী কৰাৰ একো ব্যৱস্থা নোলোৱা বুলিও দোষাৰোপ কৰে৷ কেৱল নিৰ্বাচনৰ সময়ত মাৰ্কেটিঙৰ বাবেহে বিজেপি দল তথা চৰকাৰ বিখ্যাত বুলি কটাক্ষ কৰে।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে উজনি অসমৰ যোৰহাটৰ মৰিয়নিৰ বাপুজী ষ্টেডিয়ামত কংগ্ৰেছৰ নিৰ্বাচনী সভাত এই বক্তব্য ৰাখে৷ উল্লেখ্য, মৰিয়নি সমষ্টিৰ কংগ্ৰেছ নেতা ৰূপজ্যোতি কুৰ্মীৰ হৈ বৃহৎ নিৰ্বাচনী সভাত প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে৷












