নিউজ ডেক্স:
ঘৰত সোমাই ধর্ষণৰ চেষ্টা কৰা এজন লোকৰ যৌনাঙ্গ কাটিলে এগৰাকী মহিলাই। তাৰ পিছত মহিলাগৰাকীয়ে নিজেই খবৰ দিয়ে আৰক্ষীক। গুৰুতৰ অৱস্থাত ব্যক্তিজনক হস্পিটেলত ভর্তি কৰা হয়।
দুয়োজনৰ বিৰুদ্ধেই অভিযোগ দাখিল কৰিছে আৰক্ষীয়ে। আৰম্ভ হৈছে ঘটনাৰ তদন্ত। বৃহস্পতিবাৰে নিশা ১১ বজাত মধ্যপ্রদেশৰ সিধি এলেকাৰ উমৰিহা গাওঁত এই ঘটনাটি ঘটে।
সূত্রৰ খবৰ মতে, মহিলাগৰাকীৰ স্বামী কামৰ সূত্রে কিছুদিনৰ বাবে বাহিৰলৈ যোৱাত বর্তমান ১৩ বছৰীয়া পুত্ৰৰ সৈতে অকলশৰে থাকে। মহিলাগৰাকীৰ অভিযোগ, বৃহস্পতিবাৰে নিশা হঠাৎ তেওঁলোকৰ ঘৰত প্রবেশ কৰে ৪৫ বছৰীয়া অভিযুক্ত ব্যক্তিজন।
মহিলাগৰাকীয়ে প্রথমে ভাবিছিল যে ব্যক্তিজন চুৰি কৰিবলৈ সোমাইছে। কিন্তু কিবা বুজি পোৱাৰ আগতেই মহিলাগৰাকীৰ ওপৰত জপিয়াই পৰে ব্যক্তিজন। ইয়াৰ পিছত তেওঁক যৌন নির্যাতনৰ চেষ্টা কৰে। ভয় খাই পুত্ৰ ঘৰৰ পৰা পলাই যায়।
প্রায় ২০ মিনিটৰ বেছি সময় দুয়োৰে মাজত যুঁজ-বাগৰ লগাৰ পিছত বিছনাৰ তলৰ পৰা ছুৰি বাহিৰ কৰি একে ঘাপে ব্যক্তিজনৰ যৌনাঙ্গ কাটি পেলায় মহিলাগৰাকীয়ে। মহিলাগৰাকীয়ে জনাইছে যে আত্মৰক্ষাৰ বাবেই হাতত অস্ত্র তুলি ল’বলৈ বাধ্য হয় তেওঁ।