![]()
আগন্তুক নিৰ্বাচনৰ ৰণডংকা বজাইছে এতিয়া প্ৰতিটো ৰাজনৈতিক দলে। আজি যোৰহাটত উপস্থিত হয় কংগ্ৰছ প্ৰাৰ্থী ৰাণা গোস্বামীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে। “জয় আই অসম” বুলি নিজ ভাষণ আৰম্ভ কৰা প্ৰিয়ংকা গান্ধীয়ে ৰাণা গোস্বামীৰ প্ৰশংসা কৰাৰ লগতে সাধাৰণজনক তেওঁক ভোট দি জয়যুক্ত কৰিবলৈও আহ্বান জনায়। ৰাণা গোস্বামীয়ে কংগ্ৰেছৰ হৈ দীৰ্ঘদিন ধৰি উত্তৰ প্ৰদেশত কাম কৰিছে বুলি কোৱাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছে চচিয়েল মিডিয়াত প্ৰকাশ কৰা এখন ভুল ফটোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে সেই কথাও ব্যক্ত কৰে প্ৰিয়ংকা গান্ধীয়ে। বিজেপিয়ে বহু প্ৰতিশ্ৰুতি দিছে যদিও বানপানী, কা’ ক সন্দৰ্ভত নীৰৱ কিয় বুলি নেত্ৰী গৰাকীয়ে প্ৰশ্নৰ উত্থাপন কৰে। মহিলা সকল অসমৰ সংস্কৃতিৰ ৰক্ষক বুলি আজি সভাত মত ব্যক্ত কৰে প্ৰিয়ংকা গান্ধীয়ে।

আনহাতে অসমত বৰ্তমান দুজন মুখ্যমন্ত্ৰী আছে বুলি বিজেপি চৰকাৰক কটাক্ষ কৰাৰ লগতে অসম গণ পৰিষদক বিজেপিয়ে দিল্লী গণ পৰিষদ বনাই দিয়াৰ কথা প্ৰকাশ কৰে প্ৰিয়ংকাই। প্ৰিয়ংকাই লগতে কয় যে, ‘প্ৰধানমন্ত্ৰীগৰাকীয়েও সেয়েহে কৈছে যে, বিজেপি চৰকাৰ হ’লে অসম দুটা দুটা ইঞ্জিনেৰে চলিব। তেখেতে কোন দুটা ইঞ্জিনৰ কথা কৈছে ! অসমৰ মানুহক ভগৱানে যাতে তেওঁলোকৰ পৰা ৰক্ষা কৰে।’
ইফালে, ভাষণত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছৰ পাঁচ গেৰাণ্টীৰ কথাও উল্লেখ কৰি চৰকাৰ গঠন কৰাৰ পিছত সকলো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।












