ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যৰ বিধানসভা নিৰ্বাচনত মুঠ ৫খন আসনত প্ৰতিদ্বন্দিতা কৰিব চিপিআই(এম এল) লিবাৰেচনে।মহামিত্ৰজোঁটৰ সৈতে বিহালী আসনখনত প্ৰাৰ্থীত্ব আগবঢ়োৱা বিপৰীতে কাৰ্বি আংলং চাৰিটা সমষ্টিত অকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বাওঁপন্থী ৰাজনৈতিক দলটোৱে।গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল যোগে এই ঘোষণা কৰে দলটোৰ সাধাৰণ সম্পাদক দীপাংক ভট্টাচাৰ্য্য।
উল্লেখ বিহালীত মহাজোঁটবন্ধৰ পৰা বিবেক দাসৰ প্ৰতিদ্বন্দিতা আগবঢ়াব দলটোৰ পৰা।অন্যহাতে অকলে অৱৰ্তীন হব লগা সমষ্টি কেইটা বৈঠালাংছো, ডিফু, হাওৰাঘাট, বোকাজান।
গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন কৰি সম্পাদক গৰাকীয়ে তীক্ষ্ণ সমালোচনা কৰে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এনডিএ চৰকাৰক।উন্নয়নৰ ফোপোলা স্বৰুপ পেট্ৰল ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধিয়ে উদঙাই দিছে।বিজেপিৰ চৰকাৰ মানে কোম্পানী ৰাজ। কোম্পানী ৰাজ বিজেপি চৰকাৰক উৎখাত কৰিব লাগে।
মোডীক কটাক্ষ কৰি ভট্টাচাৰ্য্য কয়-মোডীয়ে সদায় কয় চাহ বিক্ৰী কৰা কথা।জনসাধাৰণে চাহ কত বিক্ৰী কৰিছিল দেখা নাই। কিন্ত দেশ বিক্ৰী কৰাটো জনসাধাৰণে দেখি আছে।ইফালে বিজেপিক উৎখাট কৰা বাবে মহাজোঁট বন্ধন অসমত প্ৰয়োজন আছিল বুলি ভট্টাচাৰ্য্য লগতে কয়।













