![]()
অজন্তা তালুকদাৰ
বোকাখাত : আগবাঢ়ি বিধানসভাৰ নিৰ্বাচনৰ বাবে বোকাখাতত জোৰদাৰ হৈছে প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ। ২৩ মাৰ্চত শক্তিশালী ৰূপত দেখা পোৱা গ’ল বোকাখাত সমষ্টিৰ ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাক। বোকাখাতৰ পশ্চিমৰ মহিমামণ্ডিত বুঢ়ীমাই থানত আশিষলৈ শতাধিক সৰু চাৰি চকীয়া, নিৰ্বাচনৰ প্ৰতীক ৰূপে লাভ কৰা কুৰিখনৰো অধিক ট্ৰাক, অৰ্ধশতাধিক তিনি চকীয়া বাহন, তিনি শতাধিক বাইক লৈ আৰম্ভ কৰিলে নিৰ্বাচনী ৰেলী। এই ৰেলীত অংশগ্ৰহণ কৰা তিনি সহস্ৰাধিক লোকে। কেৱল ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথেই নহয় বোকাখাতৰ উত্তৰাঞ্চল পৰিভ্ৰমণ কৰি ৰজাবাৰীত অন্ত পেলায়।

বোকাখাত প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি, প্ৰাথমিকৰ পৰা জুনিয়ৰ কলেজক সামৰি সংগঠিত শিক্ষক সংগঠনৰ সভাপতি, এডুকেচনেল ইন্টাৰনেচনেলৰ সাংগঠনিক সম্পাদকৰ দৰে দায়িত্বৰ লগতে শিক্ষকতাৰ পৰাও স্বেচ্ছাই অৱসৰ গ্রহণ কৰা বোকাখাতৰ কৃষক পৰিয়ালৰ সন্তান জীৱন চন্দ্ৰ বৰাই সাম্প্ৰতিক নিৰ্বাচনত হাই প্ৰফাইল ৯৩নং বোকাখাত বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দল সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদন্দ্বিতা আগবঢ়াইছে। সমষ্টিটোৰ পৰা অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰা,প্ৰাক্তন বিধায়ক জিতেন গগৈ, অসম জাতীয় পৰিষদৰ ৰেৱকান্ত গগৈ, মহাজোঁটৰ প্ৰনৱ দলে, আৰ টি আই কৰ্মী দুলাল বৰাৰ লগতে ১১ জনে প্ৰতিদন্দ্বিতাত নামিছে।
ইফালে ৰাষ্ট্ৰীয় দুটাকৈ দলে নিজা প্ৰতীকেৰে বোকাখাতত প্ৰাৰ্থীত্ব দিব নোৱাৰাত নিজৰ ক্ষোভ নিৰসন বাবে দুয়োদলৰ বহু সমৰ্থক জীৱন চন্দ্ৰ বৰাৰ কাষ চাপিছে বুলি বৰাই প্ৰকাশ কৰিছে । আনহাতে কৃষক মুক্তিৰ সুদৃঢ় ভেটি থকা বোকাখাতত ৰাইজৰ দলৰ সমৰ্থিত প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাক তিনি কিলোমিটাৰ জোৰা বিশাল নিৰ্বাচনী শোভাযাত্ৰাই উজ্জীৱিত কৰি তোলা পৰিলক্ষিত হৈছে।













