![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম চুক্তি ৰূপায়ণ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা’ৰ বাতিলৰ দাবীত বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থা গ্ৰহণ কৰিছে অনশন কাৰ্যসূচী। আছু আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই দীঘলীপুখুৰী পাৰত ৰূপায়ণ কৰে ১১ঘণ্টীয়া অনশন কাৰ্যসূচী।
গুৱাহাটীৰ প্ৰায় শতাধিক আছু কৰ্মীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। প্ৰতিবাদত বিজেপি চৰকাৰক কটু সমালোচনা কৰা লগতে ২০১৬ বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অসম চুক্তি আখৰে আখৰে পালন কৰা প্ৰতিশ্ৰুতি পাঁচ বছৰে কোনো ফলাফল নাপালে অসমবাসীয়ে।
অসমৰ জনসাধাৰণক বিভ্ৰান্ত নকৰি বিজেপি দলে স্থিতি স্পষ্ট কৰক।
গণতান্ত্ৰিক আন্দোলনৰ কোনো গুৰুত্ব নিদিলে বিজেপি চৰকাৰে।অসম চুক্তি কোনো এটা দফা কাৰ্য্যকৰী নকৰি। ২১ৰ নিৰ্বাচনী ইস্তাহাৰত কা’ বলৱৎ কৰা হ’ব বুলি দাম্ভিক মাৰি ঘোষণা কৰিছে। অসম বিৰোধী বিজেপি এই কাৰ্যক গৰিহণা দিয়ে কামৰূপ(ম) ছাত্ৰ সন্থা সম্পাদক লুকুমনি কলিতাই ৷
প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত গঠন কৰা ৬নং দফা উচ্চস্তৰীয় সমিতি প্ৰতিবেদন দিল্লীলৈ প্ৰেৰণ নকৰাতো ক্ষুদ্ধ হৈ পৰে আছুকর্মী সকল। কা বলৱৎ কৰিম বুলি কোৱা এজন নেতাইও অসম চুক্তি ৰূপায়ণ কৰিম বুলি ক’ব নোৱাৰটো লজ্জিত বিষয়- কলিতাই লগতে কয়।
অসম চুক্তি ৰূপায়ণ কৰি অবৈধ বিদেশী সমস্যা সামাধান কৰি কা’ বাতিল কৰক। অন্যথা আন্দোলন অধিক তীব্রতৰ হ’ব।













