![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ধেমাজি জিলাৰ জোনাইৰ কেইবাটাও ঠাইত আজি পুৱতি নিশা ৩ বজাত সংঘটিত হোৱা বিধ্বংসী ধুমুহাৰ তাণ্ডৱৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। জোনাই মহকুমাৰ অন্তৰ্গত জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী, লাইমেকুৰী, চমকং, মিছামৰা গাওঁ পঞ্চায়তৰ লগতে ৰামধন দিখাৰী গাওঁ পঞ্চায়তৰ উলুৱনী, জামুগুৰী, বগৰীগুৰী, ৰামধন, বদলপুৰ আৰু লাইমেকুৰী গাওঁ পঞ্চায়তৰ কৰ্ণপুৰ, বৰং, মেচাকি চাপৰি, চমকং গাওঁ পঞ্চায়তৰ পাগৰ, নামনি পাগৰ, সোনাপুৰ, ৰাই মাজগাঁও, মিছামৰা গাওঁ পঞ্চায়তৰ ২নং , ৩নং নাওঁকাটা, মিছামৰা তিনিআলি, ১নং জয়পুৰ, উলুচাপৰি, ৰাওন, মধুপুৰ আদি ঠাইবোৰত ধুমুহাৰ তাণ্ডৱৰ ফলত শ শ পৰিয়ালৰ সা-সামগ্ৰী, কিতাপ-পত্ৰৰ লগতে ভঁৰাল তথা গোহালি ইত্যাদিও ভাঙি চুৰ-মাৰ হয়।

ইয়াৰ উপৰিও, হঠাতে অহা ধুমুহাৰ ফলত উক্ত অঞ্চলসমূহৰ নিবাসী একাংশ লোকো গুৰুত্বৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে, বিদ্যুত খুঁটি যোৱাৰ ফলত আগন্তুক কেইবাদিনলৈ অঞ্চলসমূহত বিদ্যুত যোগান ব্যাহত হৈ থকাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে, ক্ষতিগ্ৰস্ত পৰিয়ালৰ ক্ষয়ক্ষতিৰ বুজ লৈ ইউবিপিঅ, এবছুৰ নেতৃত্বই চৰকাৰ প্ৰশাসনক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে।













