![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
প্ৰথম পৰ্যায়ৰ নির্বাচনৰ প্ৰাকক্ষণত প্ৰদেশ কংগ্ৰেছ মোক্ষম আঘাত। প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা, সাধাৰণ সম্পাদক পংকজ বৰবৰা দল ত্যাগ। প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিতৃ গোলাপ বৰবৰাক ক্ষমা ভাৰতীয় জাতীয় কংগ্ৰেছ দল ত্যাগ কৰাৰ বাবে ।
প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী পিতৃৰ সন্মতিৰ অবিহনে কংগ্ৰেছ দলত যোগদান কৰি ৩০ বছৰে সেৱা আগবঢ়াই আহিছিলোঁ। কিন্তু ৩০ বছৰে আগবঢ়াই অহা সেৱা মূল্য নিদিলে কংগ্ৰেছে। কংগ্ৰেছ দলে লাহে লাহে পূৰ্বৰ নীতি-আদৰ্শৰ পৰা আঁতৰি আহিছে। গুৱাহাটীৰ প্ৰেছ ক্লাৱত সংবাদমেলত দলৰ বিৰুদ্ধে এইদৰে ক্ষোভ উজাৰে বৰবৰাই।
উল্লেখ যে, বৰবৰা কংগ্ৰেছ দলৰ পূৰ্ব গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীত্ব দাবীদাৰ আছিল। তাৰ বাবে পূৰ্বৰ পৰা সমষ্টিটোত প্ৰচাৰ অভিযান চলাই আছিল সাধাৰণ সম্পাদকগৰাকীয়ে। কিন্তু নেতৃত্বই বৰবৰাক সমষ্টিটোত প্ৰাৰ্থীত্ব প্ৰদান নকৰি অসীমা বৰদলৈক প্ৰাৰ্থীত্ব প্ৰদান কৰে। তাতে খৰ্গহস্ত হৈ কংগ্ৰেছ দল ত্যাগ কৰে নেতা গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা যে সংবাদমেলত বৰবৰাই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বহুতো বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ দলীয় টিকট প্ৰদানৰ বাবে উজনি এজন কংগ্ৰেছ নেতাই বৃহৎ পৰিমাণৰ ধন বৰবৰা পৰা দাবী কৰা বুলিও কয়। লগতে টিকট প্ৰদান নামত কংগ্ৰেছ দলত ব্যাপক ধনৰ লেন-দেন হোৱা বুলি বিস্ফোৰক অভিযোগ তোলে সংবাদমেলত।
আনহাতে, এআইইউদিএফৰ সৈতে মিত্রতা দলৰ চাৰিগৰাকীৰ নেতা মুখ্যমন্ত্ৰী লালসাত হৈছে। দলৰ কর্মী বিৰোধিতা স্বত্বেও এআইইউদিএফ দলৰ সৈতে মিত্ৰতা কৰিছে – বৰবৰাই কয়।
গুৰুত্বপূৰ্ণ কথা নিৰ্বাচনৰ পাছতে কংগ্ৰেছ দলত পদত্যাগৰ যোৱাৰ উঠিব বুলিও তেওঁ সংবাদমেলত দাবী কৰে।













