ষ্টাফ ৰিপ’ৰ্টাৰ:
আৰক্ষী-প্ৰশাসনৰ সন্মূখতে এগৰাকী চিকিৎসকৰ আজৱ কাণ্ড।চিকিৎসকে দেখুৱালে পিষ্টল।লাহোৱালৰ মদৈঙীয়া ভোটগ্ৰহণ কেন্দ্ৰত চিকিৎসক গৰাকীয়ে দেখুৱালে পিষ্টল।
ভোট দিবলৈ অহা লোক, প’লিং পিজাইডিং বিষয়াক ভাবুকি।মদ্যপান কৰি আহিছিল চিকিৎসক গৰাকীয়ে।এই ঘটনাৰ পাছতেই উত্তেজনাৰ সৃষ্টি হয় ভোটকেন্দ্ৰটোত।
উত্তেজিত ৰাইজে ঘেৰি ধৰে চিকিৎসক গৰাকীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ চিকিৎসকগৰাকীক উদ্ধাৰ কৰে। পিছত চিকিৎসক গৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড় সদৰ থানালৈ লৈ আনে। আৰক্ষীয়ে চিকিৎসকগৰাকীৰ হাতৰ পৰা এটা অনুজ্ঞাপত্ৰ থকা .32 পিষ্টল জব্দ কৰিছে ।













