![]()
অজন্তা তালুকদাৰ
বোকাখাত : আজি বোকাখাতত সম্পন্ন হয় ২০২১ৰ ৰাজ্যৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। বোকাখাতৰ ৮৪নং জ্যোতি বিদ্যাপীঠ ভোট কেন্দ্ৰটি (সোঁ কেন্দ্ৰ) এটা বিশেষ হাই প্ৰফাইল ভোট গ্রহণ কেন্দ্ৰ কেন্দ্ৰ ৰূপে চিহ্নিত হ’ল।
কেন্দ্ৰটোত আজি ভোট দান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিলে বোকাখাতৰ তিনিগৰাকীকৈ হাই প্ৰফাইল ভোটাৰ– অগপ-বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা, অসম বিধানসভাৰ প্ৰাক্তন উপাধক্ষ্য তথা বোকাখাতৰ প্ৰাক্তন বিধায়ক বলোভদ্ৰ তামুলী, দুবাৰকৈ অসম বিধানসভাৰ আসন দখল কৰা বোকাখাতৰ প্ৰাক্তন বিধায়ক নিৰ্দলীয় প্ৰাৰ্থী জিতেন গগৈয়ে। লগতে কেন্দ্ৰটোত ভোটদান কৰে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা জিতেন গগৈৰ ভাতৃ ৰেৱকান্ত গগৈয়ে।
উল্লেখ্য যে অসম বিধানসভাৰ নিৰ্বাচন ২০২১ত প্ৰতিদন্দ্বিতা কৰা বোকাখাতৰ মুঠ ১১ গৰাকী প্ৰাৰ্থীৰ তিনিগৰাকী প্ৰাৰ্থীয়ে ভোটদান কৰিছে এই কেন্দ্ৰত।
আন দুগৰাকী প্ৰাৰ্থীয়ে সপৰিয়ালে উপস্থিত হৈ ভোটদান কৰাৰ লগতে মিত্ৰজোঁটৰ প্ৰাৰ্থী অতুল বৰাই পত্নী-কন্যাসহ কোভিড প্ৰটকল আৰু নিৰ্বাচনী বিধি মানি শাৰী পাতি ঠিয় হৈ ভোট দান কৰা দেখা গ’ল।












