![]()
অজন্তা তালুকদাৰ
বোকাখাত : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ কেউখন আসন মিত্ৰজোঁটে লাভ কৰিব। বোকাখাতত এনেদৰে মত প্ৰকাশ কৰিছে মিত্ৰজোঁটৰ প্ৰাৰ্থী মন্ত্ৰী অতুল বৰাই।
বিগত পাঁচটা বছৰে বোকাখাত সমষ্টি মিত্ৰজোঁটৰ দখলত। ২০১৬ ৰ বিধানসভাৰ নিৰ্বাচনত বোকাখাতৰ পৰা বিপুল সংখ্যক ভোটৰ ব্যৱধানত জয়ী হৈছিল অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰা। ৯৩ নং বোকাখাত বিধান সভা সমষ্টিত এইবাৰৰ নিৰ্বাচনতো মিত্ৰজোঁটৰ হৈ প্ৰতিদন্দিতা কৰিছে বৰাই।
পত্নী-দুহিতাৰ সৈতে আজি ৮৪নং জ্যোতি বিদ্যাপীঠ ভোট কেন্দ্ৰত ভোটদান কৰিবলৈ গৈ উৎফুল্লিত ভোটাৰক দেখি অভিভূত হৈ পৰিল বৰা।












