![]()
অজন্তা তালুকদাৰ
বোকাখাত : ৯৩ নং বোকাখাত বিধানসভা সমষ্টিত ২৭ মাৰ্চত সম্পন্ন হৈ গ’ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ। কিন্তু শান্তিপূৰ্ণভাৱে হৈ যোৱা এই নিৰ্বাচনত যেন এলাগী হৈ ৰ’ল পেটৰ ভোক, পিয়াহৰ পানীটুপিও এৰি একাগ্ৰতাৰে দায়িত্ব পালন কৰা আশাকৰ্মীসকল।
যেন পাহৰি যোৱা গ’ল বিগত বৰ্ষত ক’ভিডক্লিষ্ট সময়ত জীৱনৰ মায়া মোহ নেওচি মানুহৰ জীৱন ৰক্ষা কৰিবলৈ ওলাই অহা প্ৰথম শ্ৰেণীৰ ক’ভিড যোদ্ধা এইসকল আশাকৰ্মীক।
স্বাস্থ্য বিভাগৰসকলো আঁচনি ৰূপায়ণৰ স্বাৰ্থত, মানৱ জীৱন আৰু স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থত তৃণমূল পৰ্যায়ত আশাকৰ্মীসকলে কৰা ত্যাগ আৰু কষ্ট যে স্বীকাৰ কৰিবই লাগিব।
ক’ভিড আতংকই এতিয়াও পিছ এৰা নাই। ক’ভিড প্ৰটকল মানি আজি হৈ যোৱা ৰাজ্যখনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণতো আশাকৰ্মীসকলে পালন কৰিলে নিজ নিজ দায়িত্ব আৰু কৰ্তব্য। কিন্তু বোকাখাত বিধানসভা সমষ্টিৰ প্ৰায়কেইটা ভোট কেন্দ্ৰত শুনিবলৈ পোৱা গ’ল আশাকৰ্মীসকলে কৰ্তব্য পালনৰ সময়ত ভোকৰ ভাত, পিয়াহৰ পানীটুপিও নোপোৱাৰ দুখ।
কৰ্তব্যৰত অৱস্থাত নিজৰ ভোক-পিয়াহ নিবাৰণৰ বাবে উঠি যোৱাৰো উপায় নাই তেওঁলোকৰ। প্ৰশাসন, কৰ্তৃপক্ষৰ পৰা পোৱা নাই কোনো সঁহাৰি। আজি এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে আশাকৰ্মীসকলে।












