![]()
লংকাৰ পৰা মনোজ কুমাৰ পাঠক
লংকাৰ উদালীত সংঘটিত হৈছে এক জঘন্য ঘটনা। অভিযোগ অনুসৰি লংকাৰ উদালী গাওঁ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জমিৰউদ্দীন লস্কৰ নামৰ শিক্ষকজনে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক পৰীক্ষাৰ ফলাফল আনিবৰ বাবে বিদ্যালয়লৈ মাতি নি সংঘটিত কৰিছে এই জঘন্য ঘটনাটো।
কিন্তু ছাত্ৰীগৰাকীয়ে নিজৰ ভনীয়েকক লগত লৈ গৈছিল যদিও শিক্ষকজনে ২০ টকা দি চিপছ আনিবৰ বাবে দোকানলৈ পঠিয়াই। ছোৱালীজনী দোকানলৈ যোৱাৰ সুযোগতে ছাত্ৰীগৰাকীক অপকৰ্ম কৰাৰ চেষ্টা চলাই, যদিও ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ কৱলৰ পৰা পলাই গৈ বিদ্যালয়ৰ প্ৰসাৱগাৰত আত্মগোপন কৰে। ভনীয়েক দোকানৰ পৰা ওভতি অহাত প্ৰসাৱগাৰৰ পৰা ওলাই আহে ।
আনহাতে শিক্ষকগৰাকীয়ে এই অপকৰ্ম কথা কাকো নক’ব লৈ কয় আৰু কাৰোবাক ক’লে পৰীক্ষাৰ ফলাফল বেয়া কৰাব বুলি ভাবুকি প্ৰদান কৰে। এতিয়া প্ৰশ্ন হয়, আমাৰ এই বাতৰি সম্প্ৰচাৰ হোৱা পিছত উচিত তদন্ত হ’বনে ? তদন্ত শেষত প্ৰকৃত সত্য পোহৰলৈ আহিবনে ? সেয়া সময়তহে লক্ষ্যনীয় হ’ব।












