ষ্টাফ ৰিপ’ৰ্টাৰ:
মঙলবাৰে সামৰণি পৰিব দ্বিতীয় পৰ্যায়ৰ নির্বাচনৰ প্ৰচাৰ অভিযান।সন্ধিয়া ৬ বজাত আনুষ্ঠানিক ভাৱে সামৰণী পৰিব প্ৰচাৰ।৩৯টাকৈ সমষ্টিত ১এপ্ৰিলত অনুষ্ঠিত হব ভোটগ্ৰহণ।ৰাজ্যিক নির্বাচনী আয়োগে প্ৰকাশ কৰিলে এই কথা।
উল্লেখ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ ৪৮ঘণ্টা পূৰ্বে প্ৰচাৰ অভিযান সামৰণি পৰিব।উক্ত সময়চোৱাত নির্বাচন সম্পৰ্কীয় কোনো সভা, শোভাযাত্ৰা, ৰেলি উলিয়াব নোৱাৰিব সমষ্টি সমূহত।
ৰেডি’অ, টেলিভিছন, গণমাধ্যমত নিৰ্বাচন সম্পৰ্কীয় প্ৰচাৰ কাৰ্যসূচী বন্ধ ৰাখিব লাগিব।প্ৰকাশ কৰিব নোৱাৰিব এগজিত পল।
আনহাতে ভোটগ্ৰহণ অনুষ্ঠিত হোৱা ৭২ঘন্টা পূৰ্বৰ পৰা ৩৯ সমষ্টিত বাইক ৰেলি বন্ধ কৰিছে আয়োগে।