![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ মাতৃ দুলু গগৈৰ চিকিৎসাধীন হৈ থকা সময়তে, এইবাৰ গুৰুত্বভাৱে অসুস্থ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ মাতৃ প্ৰিয়দা গগৈ। মঙলবাৰে পুৱাই উন্নত চিকিৎসা বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে মাতৃগৰাকীক।
উল্লেখ যোৱা দুদিন ধৰি শৰীৰত অধিক বিষ অনুভৱ কৰা কৰিছিল মাতৃ প্ৰিয়দাই। ক্ৰেটিনাইন অধিক হোৱাৰ বাবে স্বাস্থ্যৰ অবনতি ঘটা বুলি জানিব দিছে চিকিৎসকে।
কাৰাবন্দী পুত্ৰ হৈ কিছুদিনৰ পূৰ্বে শিৱসাগৰত বহুকেইখন নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছিল মাতৃগৰাকীয়ে। পুত্ৰক মুকলি আকাশৰ তললৈ উলিয়াই অনাত সহায় কৰা বাবে শিৱসাগৰবাসীক ভোট দিয়া আহ্বান জনাইছিল বয়োজ্যেষ্ঠ মাতৃগৰাকীয়ে।
বিগত ১৬ মাহ ধৰি কাৰাবন্দী হৈ আছে পুত্ৰ অখিল গগৈ। পুত্ৰক চোৱা হেপাঁহত মাতৃ প্ৰিয়দাই বহু সময়ত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰা দেখা গৈছিল।













