ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি পুৱা কামাখ্যা মন্দিৰ দৰ্শন কৰি নামনিৰ ২ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে।কংগ্ৰেছৰ নেতা গৰাকীয়ে ৰাতিপুৱা ৯.১৫ত কামাখ্যা মন্দিৰ দৰ্শন কৰিব ।
ৰাহুল গান্ধীয়ে বুধবাৰে ছয়গাওঁ আৰু বৰক্ষেত্ৰী সমষ্টিত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব ।ছয়গাওঁ সমষ্টিৰ প্ৰীতিপুৰত বুধবাৰে ১১ বজাত এখন জনসভা সম্বোধন কৰিব ।
আনহাতে কংগ্ৰেছ নেতা গৰাকীয়ে বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকথা খেলপথাৰত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহন কৰিব ।