![]()
অজন্তা তালুকদাৰ
বোকাখাত : সাম্প্ৰতিক সময়ত ইংৰাজী আৰু অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকল অধিক আকৰ্ষিত হোৱা দেখা যায়। বহু অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভাৱত বন্ধ হৈছে বা আন বিদ্যালয়ৰ লগত চৰকাৰে চামিল কৰিব লগা হৈছে । কিন্তু এক ব্যতিক্ৰম দৃশ্য দেখিবলৈ পোৱা গৈছে নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত। এইখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে লক্ষ্যণীয়ভাৱে ছাত্ৰ-ছাত্ৰীৰ ভীৰ হোৱা পৰিলক্ষিত হৈছে। বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰিব নোৱাৰাৰ বাবে বিদ্যালয়খনৰ কৰ্তৃপক্ষ বিমোৰত পৰিব লগা হৈছে। বোকাখাত মহকুমাৰ নুমলীগড়ত অৱস্থিত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত নতুন শিক্ষা বৰ্ষৰ বাবে নাম ভৰ্তি কৰিবলৈ ৩১ মাৰ্চত দুই শতাধিক ছাত্ৰ-ছাত্ৰী বিদ্যালয়খনত সমবেত হয়। বিদ্যালয়খনত এটা শ্ৰেণীত দুই শতাধিক ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ ক্ষেত্ৰত বাৰুকৈ বিমোৰত পৰে বিদ্যালয় কৰ্তৃপক্ষ।
কিয়নো বিদ্যালয়খনত ছটাকৈ শিক্ষকৰ পদ খালী হৈ থকাৰ লগতে শ্ৰেণী কোঠাৰ অভাৱ। ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তিৰ বাবে চিন্তাত পৰিছে কৰ্তৃপক্ষ। এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভীৰ এক ভাল খবৰ বুলি পৰগণিত হৈছে।
উল্লেখ্য যে বিদ্যালয়খনে শৈক্ষিক দিশত বিভিন্ন ব্যতিক্ৰমী ব্যৱস্থা ল’বলৈ সক্ষম হোৱাত বিদ্যালয়খনৰ প্ৰতি স্থানীয় অভিভাৱকসকল আকৰ্ষিত হৈছে। সেয়েহে এনেদৰে বিদ্যালয়খনক আস্থা আৰু ভৰসাত লৈ অভিভাৱকসকল নিজৰ সন্তানক নামভৰ্তিৰ বাবে হাবাথুৰি খাইছে ।













