ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ মাতৃ বিয়োগ।মৃত্যুৰে যুজঁদি অৱশেষত বুধবাৰে নিশা ১০:৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে দুলু গগৈয়ে।
ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালৰ আইচিচিইউত চিকিৎসাধীন হৈ আছিল মাতৃগৰাকী।
উল্লেখ উচ্চ ৰক্তচাপত ভোগা দুলু গগৈক সোমবাৰে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
ইফালে মাতৃ বিয়োগৰ খবৰ পাই গুৱাহাটী পৰা ৰাওনা হৈছে পুত্ৰ লুৰীণজ্যোতি গগৈ।দলীয় নির্বাচনী প্ৰচাৰৰ কামত দিনটো হাজোত আছিল গগৈ।ৰাতিটো গুৱাহাটীত কটোৱা কথা আছিল যদিও খবৰ পোৱা মাত্ৰকে ডিব্ৰুগড় অভিমুখে ৰাওনা হৈছে গগৈ।













