ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৩২ জনকৈ ব্যক্তি ৷ আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৪৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৪১২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৫১৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫৪৪৫গৰাকী ব্যক্তি।ইফালে, অসমত বুধবাৰ ক’ৰোনাত আক্ৰান্ত হৈ এজনৰ মৃত্যু ৷এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ১১০৫জনলৈ বৃদ্ধি পালে।