![]()
নগাঁও : নগাঁও চহৰত অনুষ্ঠিত ৰাজ্যৰ প্ৰথমখন গ্ৰন্থমেলাৰ অন্যতম প্ৰধান উদ্যোক্তা, নগাঁৱৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট সাংবাদিক, লেখক, সমাজকৰ্মী ডঃ আবু হানিফাৰ আজি পুৱা প্ৰায় ৬ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ। প্ৰায় এমাহ পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰা প্ৰবীণ সাংবাদিক-শিক্ষাবিদগৰাকী এমাহ ধৰি গুৱাহাটীৰ একাধিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তেওঁক প্ৰথম অৱস্থাত জিএনআৰচিত চিকিৎসাধীন কৰাত কিছু পৰিমাণে সুস্থ হয় যদিও পাছলৈ তেওঁৰ শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাললৈ স্থানান্তৰিত কৰা হয়।
অৱশেষত আজি পুৱা ৬ বজাত প্ৰসিদ্ধ সাংবাদিক, শিক্ষাবিদগৰাকীয়ে নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হয়। ১৯৫২ চনত নগাঁও চহৰত ড: আবু হানিফাই জন্মগ্রহণ কৰে। নগাঁও চহৰৰ ঢাকাপট্টি বিমলা বৰা পথৰ বাসিন্দা বিশিষ্ট স্বাধীনতা সংগ্ৰামী, সমাজসেৱক আবু চামা আৰু চামচুৰা নেহাৰ একমাত্ৰ পুত্ৰ আবু হাণিফাই নগাঁও মিছন স্কুল আৰু নগাঁৱৰ মহেন্দ্ৰ বৰুৱা প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা ১৯৬৯ চনত মেট্ৰিক আৰু পৰৱৰ্তী সময়ত নগাঁও মহাবিদ্যালয়ৰ পৰা আই এছ চি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।
আনহাতে গুৱাহাটীৰ কটন কলেজৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত তেওঁ অনাৰ্ছসহ স্নাতক ডিগ্ৰী লোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । পৰৱৰ্তী সময়ত তেওঁ নগাঁও চহৰৰ কিৰণবালা গোস্বামী ছোৱালী হাইস্কুলত সহকাৰী শিক্ষক হিচাপে নিজৰ শিক্ষকতা জীৱন আৰম্ভ কৰে। তাৰ পাছত তেওঁ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়তো কিছুদিন শিক্ষকতা কৰি চহৰখনৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰে। মহাবিদ্যালয়খনত কৰ্মৰত অৱস্থাতে তেওঁ “নিউক্লিয়াৰ ফিজিক্স” বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লয়।
স্মৰ্তব্য যে, ছাত্ৰাৱস্থাৰ পৰাই আবু হানিফা এজন ভাল তাৰ্কিক আছিল। বহু তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেওঁ একাধিক বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল। নগাঁৱৰ সংবাদ জগতৰ পিতামহ স্বৰূপ ডঃ হানিফাই ছাত্ৰাৱস্থাতে ১৯৭৮চনত নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক কাকত ”গণতন্ত্ৰ”ৰ জৰিয়তে সাংবাদিকতা আৰম্ভ কৰিছিল। পাছলৈ তেওঁ “দৈনিক জনমভূমি” কাকতত সাংবাদিকতা আৰম্ভ কৰে। তেওঁ কাকত খনৰ “ব্যতিক্ৰম” নামৰ এটা শিতানৰ নিয়মীয়া লেখক আছিল। তেওঁ দৈনিক অসম, দ্য আসাম ট্ৰিবিউন, দ্য টেলিগ্ৰাফ, নৰ্থ ইষ্ট টাইমছ আদি কাকতৰ নগাঁও সদৰৰ সাংবাদিক হিচাপে সুদীৰ্ঘ কাল সংবাদসেৱা কৰিছিল।
তাৰোপৰি মৃত্যুৰ সময়লৈকে তেওঁ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান পি টি আইৰ সংবাদদাতা হিচাপেও সেৱা আগবঢ়াই আছিল। ডঃ হানিফাই তিনিদিনীয়া অগ্ৰদূত, অসমবাণী, অধুনালুপ্ত নতুন দৈনিক আদি কাকততো লিখামেলা কৰিছিল। সংবাদ জগতত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁ ৰাজ্যৰ সংবাদ জগতৰ নমস্য ব্যক্তি হৈ পৰিছিল। সম্প্ৰতি নগাঁও চহৰৰ পৰা প্ৰকাশিত “সাপ্তাহিক কলংপাৰ” কাকতৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ডঃ আবু হানিফা ৰূপান্তৰ-প্ৰজন্মৰ প্ৰতিধ্বনি আলোচনীৰো উপদেষ্টা। তেওঁ অধুনালুপ্ত “পষেকীয়া ভাস্বৰ” কাকতৰো সম্পাদক আছিল। অসম মিডিয়া ট্ৰাষ্টৰ অন্যতম কাৰ্যবাহী ডঃ হানিফা নগাঁও প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। অত্যন্ত অমায়িক, মৃদুভাষী ডঃ আবু হানিফা নগাঁৱৰ সমাজ জীৱনৰ উপৰি শৈক্ষিক ক্ষেত্রখনৰ লগত ওতঃপ্ৰোত: ভাৱে জড়িত আছিল।
স্মৰ্তব্য যে, ১৯৭৮চনত নগাঁও চহৰৰ কলংপাৰৰ ঐতিহ্যমণ্ডিত নেহৰুবালি বাকৰিত ভাস্বৰ প্ৰকাশনৰ উদ্যোগত অনুষ্ঠিত নগাঁও গ্ৰন্থ মেলাৰ ত এগৰাকী অন্যতম প্ৰধান উদ্যোক্তা আছিল ড: আবু হানিফা। উল্লেখ্য যে সেইখন গ্ৰন্থমেলা ৰাজ্যৰ প্ৰথম খন গ্ৰন্থমেলা হিচাপে পৰিচিত। বিশিষ্ট শিক্ষাবিদ, সাংবাদিক ডঃ আবু হানিফাৰ বিয়োগত দৈনিক অসম’ কাকতৰ সম্পাদনা মেজ,’দ্যা আছাম ট্ৰিবিউন’ কাকত গোষ্ঠী, ‘দ্যা আছাম ট্ৰিবিউন এমপ্লয়িজ ইউনিয়ন, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ নগাঁও শাখাৰ সভাপতি ভদ্ৰেশ্বৰ ৰাজখোৱা আৰু সচিব চন্দ্ৰ শইকীয়াই শোক প্ৰকাশ কৰে। ড: হানিফাৰ বিয়োগত নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা, সম্পাদকদ্বয় চন্দনজ্যোতি বৰা আৰু ভাস্কৰজ্যোতি মেধি, সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ সভাপতি পংকজ কুমাৰ নাথ, ‘আজু’ৰ নগাঁও জিলা সমিতি, বাৰ্তা জীৱি সংঘৰ নগাঁও জিলা সমিতি, নগাঁও ইলেকট্ৰনিক মিডিয়া এচচিয়েশ্যন, ‘আপকু’ৰ নগাঁও জিলা সমিতি, সাংবাদিক পৰিষদ অসমৰ নগাঁও জিলা সমিতি ,কলংপাৰ বাতৰি কাকত গোষ্ঠী, নগাঁও জিলা সাহিত্য সভা, নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনী, নগাঁও জিলা লেখিকা সন্থা, নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, নগাঁও জিলা জ্যেষ্ঠ নাগৰিক সন্থা, নগাঁও পেঞ্চনাৰ সন্থা, কল্লোল সাংস্কৃতিক গোষ্ঠী, কিশয়ল সাংস্কৃতিক গোষ্ঠী, সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থা, গ্ৰাম বিকাশ পৰিষদ, কলং কলা কেন্দ্ৰ, ৰূপান্তৰ, শ্ৰীমন্ত শংকৰ মিশ্যন, সাংস্কৃতিক মহাসভা অসম, কলংপাৰ কাকত গোষ্ঠী, নগাঁও জিলা জমিয়ত উলেমা, সংখ্যালঘু সংগঠন সমুহৰ সমন্বয়ৰক্ষী সমিতিৰ নগাঁও জিলা সমিতি, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয় আদিয়ে গভীৰ শোক প্ৰকাশ কৰে।
ডঃ হানিফাৰ বিয়োগত পুৰণিগুদাম, চামগুৰি, কলিয়াবৰ, ধিং, বটদ্ৰবা,জুৰীয়া, বেবেজীয়া, ৰহা, বঢ়মপুৰ, কঠিয়াতলী, কামপুৰ প্ৰেছ ক্লাৱেও গভীৰ শোক প্ৰকাশ কৰে। বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত নগাঁৱত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ক্ৰমে ৰূপক শৰ্মা, নুৰুল হুদা, আমিনুল ইছলাম, প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।ডঃ হানিফাৰ বিয়োগত শোক প্ৰকাশ কৰি নগাঁও কলেজৰ অধ্যক্ষ ডঃ শৰৎ বৰকটকীয়ে কয় : অসমৰ সংবাদ জগতৰ এগৰাকী নিষ্ঠাবান সাংবাদিক আবু হানিফাৰ বিয়োগ এক বৃহৎ ক্ষতি। এগৰাকী শিক্ষক হিচাপে হানিফাৰ সুকীয়া পৰিচয় আছিল। আজি বিয়লি ড: আবু হানিফাৰ নশ্বৰ দেহ নগাঁও চহৰৰ নতুন বজাৰ স্হিত নগাঁও প্ৰেছ ক্লাবলৈ আনি প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে যুৱ-ছাত্ৰ পৰিষদৰ বিষয়ববীয়া সকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।













