![]()
নগাঁও : দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণেৰ সামৰি লোৱা নগাঁও জিলাৰ তিনি সমষ্টি ক্ৰমে নগাঁও সদৰ, বঢ়মপুৰ আৰু ৰহা সমষ্টিত আজি শান্তিপূৰ্ণ ভাৱে ভোটগ্রহণ অনুষ্ঠিত হৈ যায়। মুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ ভোট যুদ্ধত অৱতীৰ্ণ হোৱা ৮৬নং নগাঁও সদৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু শৰ্মাই আজি পুৱাই নগাঁও চহৰৰ আমোলাপট্টিস্থ কিৰণৱালা হাইস্কুলত থকা ভোট গ্ৰহণ কেন্দ্ৰত ভোটদান কৰে। ভোটদান কৰি বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কয় : বিগত পাঁচটা বছৰত নগাঁও সদৰ সমষ্টিত যি উন্নয়ন হৈছে। সেই উন্নয়নেই মোক জয়ী কৰাত অতি সহজ কৰি তুলিছে। পূৰ্বতকৈ অধিক ভোটৰ ব্যৱধানত জয়ী হম বুলি দৃঢ়তাৰে মন্তব্য কৰি ৰূপক শৰ্মাই এইবাৰ ভোটাৰ ৰাইজ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ স্বত:ফুতভাবে ওলাই অহা বুলিও কয়।
আনহাতে, কংগ্ৰেছৰ প্ৰাৰ্থী শান্তনু শৰ্মাই নিজৰ সমৰ্থনত প্ৰথমবাৰৰ ভোটদান কৰি কয় : আজি ৰাইজ পুৱাৰে পৰা ভোটদান কৰিবলৈ যিদৰে ওলাই আহিছে, সিয়ে আমাৰ বিজয় হোৱাটো নিশ্চিত কৰিছে। তদুপৰি ৰাইজৰ মুখত থকা হাঁহিয়েও এই কথাকে প্ৰমাণ কৰিছে। তেওঁৰ ৰাজনৈতিক প্ৰতিদ্বন্দী নিজৰ এগৰাকী ভাতৃ হয় বুলি সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত শান্তনু শৰ্মাই কয় যে ৰাজনৈতিকভাবে মতাদৰ্শ বেলেগ হ’লেও পৰিয়ালগত ভাবে কোনো শত্ৰুতা নাই।
ইপিনে, মুঠ ৬ গৰাকীপ্ৰাৰ্থীয়ে এইবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে জিলাখনৰ ৮২নং বঢ়মপুৰ সমষ্টিত । মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত কিৰণৱালা ছোৱালী হাইস্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত আজি পুৱাই ভোটদান কৰি অসমত পুনৰ বিজেপি চৰকাৰ হ’ব বুলি মন্তব্য কৰে।













