![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ দুলীয়াজান শাখাৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৪ এপ্ৰিলত দুলীয়াজান ৰটাৰী সমুহীয়া ভৱনত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে । ৰাতিপুৱা ৯ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সমিতিৰ দুলীয়াজান শাখাৰ সভানেত্ৰী কল্পনা বৰুৱা কছাৰীয়ে । পৰৱৰ্তী কাৰ্যসূচী মৰ্মে স্মৃতি তৰ্পণৰ লগতে বিষয় বাছনি সভা ।
ইপিনে দিনৰ ১-৩০ বজাত অনুষ্ঠিত হ’ব মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। এই মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুৱৰ্ণ শইকীয়া । এই অনুষ্ঠানৰ মাজতেই উন্মোচন কৰা হ’ব “মাতৃ” শীৰ্ষক এখনি স্মৃতিগ্ৰন্থ । য’ত উন্মোচক হিচাপে উপস্থিত থাকিব দুলীয়াজান শাখা সাহিত্য সভাৰ সভাপতি অজয় কুমাৰ ভট্টাচাৰ্য ।
ইপিনে এই অনুষ্ঠানতে সমাজৰ বিভিন্ন দিশত অৰিহনা আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হ’ব। উল্লেখ্য যে “অসমীয়া সাহিত্যলৈ নাৰীৰ অৱদান” শীৰ্ষক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব ডিব্ৰুগড় জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড: জুনু মহন্ত। ইপিনে সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান। এই দিনজোৰা কাৰ্যসূচীত সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে ।













