ষ্টাফ ৰিপ’ৰ্টাৰ:
“বিগত শাসনকালত অসমত বিকাশৰ গতি তীব্ৰতৰ হৈ উঠিছে; এয়া কেৱল বিজেপি চৰকাৰৰ দিনত সম্ভৱ হৈছে।” বিৰোধীক তীব্ৰ কটাক্ষ কৰি বিধানসভাৰ প্ৰচাৰৰ অন্তিম দিনটোৰ উদাত্ত ভাষণ প্ৰদান কৰিলে গৃহমন্ত্ৰী অমিত শ্বাহে।
বৰপেটাৰোডত নিৰ্বাচনী প্ৰচাৰ চলাই অমিত শ্বাহে অহা ২০২২ চনত অসমৰ প্ৰতিঘৰ মানুহৰ ঘৰত বিশুদ্ধ পানীৰ যোগান ধৰা হ’ব বুলি কোৱাৰ সমান্তৰালকৈ কাগজ কল সমূহৰো পুনৰুদ্ধাৰ কৰা হ’ব বুলি জনায়।
আনহাতে তেওঁ কয় যে, “বিগত ৫বছৰত অসমত এটাও আন্দোলন হোৱা নাই। এয়া চৰকাৰৰ সফলতা। সোণোৱাল চৰকাৰে এখন সন্ত্ৰাসবাদমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সফল হৈছে বুলিও কয় শ্বাহে।”