ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৱা ২৪ ঘন্টাত ৰাজ্যত নতুনকৈ ৬৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷আনহাতে ৰাজ্যত দেওবাৰৰ দিনটোত সুস্থ হৈছে ৪৮জন লোক।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৬৭০ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৬১৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫৫৯৭ গৰাকী ব্যক্তি।ইফালে, দেওবাৰৰ দিনটোত ৰাজ্যত দুজন লোকৰ মৃত্যু হৈছে।