নিউজ ডেক্স:
নতুনকৈ ক’ভিড-আতঙ্কই যি দৰে নিঃশ্বাস পেলাইছে, তাৰ প্রমাণ পোৱা গৈছে। বাংলাদেশত ঘোষিত হ’ল লক্ডাউন।
আৱামি লিগ্ জেনেৰেল ছেক্রেটাৰী তথা পথ পৰিবহণ আৰু দলং নিৰ্মাণ বিভাগৰ মন্ত্রী অ’বাইদুল কাদেৰে জনাইছে, বাংলাদেশত নতুনকৈ ভয়াবহ ৰূপ ধাৰণ কৰা ক’ৰ’না সংক্রমণক নিয়ন্ত্রণ কৰাৰ লক্ষ্যৰে বাংলাদেশ চৰকাৰে বৰ্তমান এক সপ্তাহৰ লক্ডাউন ঘোষণা কৰিছে।
৫ এপ্রিলৰপৰা এই লক্ডাউন আৰম্ভ হ’ব। তেওঁ লগতে জনাইছে, সকলো কাৰ্যালয়-আদালত এই সময়চোৱাত বন্ধ থাকিব। কিন্তু শিল্পকলকাৰখানাত ৰ’টেচন পদ্ধতিত কাম চলাব লাগিব। বৰ্তমান এনে কৰা হৈছে, কিয়নো, এতিয়া কলকাৰখানা সমূহ বন্ধ কৰি দিলে শ্রমিকসকল ঘৰৰ বাট বুলিব । তেনে ক্ষেত্ৰত হিতে বিপৰীত হ’ব পাৰে।
যোৱা সাত মাহৰ ভিতৰত শুক্রবাৰেই ক’ভিড সংক্রমণৰ হাৰ সকলোতকৈ অধিক আছিল- ২৩.২৮ শতাংশ। এদিনত ২৪ ঘণ্টাত ৫০জনৰ মৃত্যু হৈছে। লক্ডাউন সংক্রান্তীয় অন্যান্য জৰুৰী ঘোষণা অচিৰেই কৰা হ’ব বুলি জনোৱা হৈছে সেই দেশৰ ফালৰপৰা।