ষ্টাফ ৰিপ’ৰ্টাৰ
মঙলবাৰে ৰাজ্যত অনুষ্ঠিত তৃতীয় তথা অন্তিম পৰ্যায়ৰ বিধানসভাৰ ভোটগ্ৰহণ। ১২খন জিলা ৪০টাকৈ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ইতিমধ্যে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব লগা সমষ্টিসমূহ সম্পূৰ্ণকৈ সাজু কৰি তোলা হৈছে।
উল্লেখ তৃতীয় পৰ্যায়ৰ নির্বাচনত ৪০টা সমষ্টিত ৩৩৭গৰাকী প্ৰাৰ্থী ভাগ্য নিৰ্ণয় কৰিব ৭৯,১৯,৬৪১ ভোটাৰে। ৪০,১১,৫৩৯ গৰাকীৰ পুৰুষ, ৩৯,০৭,৯৬৩ গৰাকী মহিলা আৰু ১৩৯ গৰাকী তৃতীয় লিংগ ভোটাৰ আছে।
ইফালে ৪০টা সমষ্টিৰ ৪,১১,৬৩৬গৰাকীৰ সৰ্বাধিক ভোটাৰ আছে দিছপুৰ সমষ্টিত তাৰ বিপৰীতে চাপাগুৰি সমষ্টিত সৰ্বনিম্ন ১,৫৯,২৫৭ গৰাকী ভোটাৰ আছে।
শিক্ষাগত অৰ্হতাত তৃতীয় পৰ্যায়ৰ ৩৩৭ গৰাকী প্ৰাৰ্থী এনেধৰণৰ। ২ গৰাকী পঞ্চম শ্রেণী উৰ্ত্তীণ, ১৯ গৰাকী অষ্টম শ্রেণী উৰ্ত্তীণ, ৪৪ গৰাকী দশম শ্রেণী উৰ্ত্তীণ, ৬৭ গৰাকী দ্বাদশ শ্রেণী উৰ্ত্তীণ, ১০৫ গৰাকী স্নাতক, ৬৩ গৰাকী স্নাতকোত্তৰ প্ৰাৰ্থী আছে।