![]()
ক’ৰনা ভাইৰাছে পুনৰ ম্লান কৰিব নেকি অসমীয়া হেপাঁহৰ ৰঙালীক। যোৰহাট জিলাত ক’ৰনা ভাইৰাছে লৈছে ভয়ংকৰ ৰূপ। জিলাখনত সোমবাৰৰ পৰা জাৰি কৰা হৈছে ১৪৪ ধাৰা। এই কথা ঘোষণা জিলা প্ৰশাসনৰ।
উল্লেখ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত ক’ৰনা নাই বুলি দুদিন পূৰ্বে সদম্ভে ঘোষণা কৰা পাছতে যোৰহাট প্ৰশাসনে ক’ৰনা সংক্ৰমণ ৰোধৰ বাবে ১৪৪ ধাৰা জাৰি কৰা কাৰ্যই মন্ত্ৰী গৰাকীৰ চূড়ান্ত মিথ্যাচাৰ উদঙাই দিয়া বুলি বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
গুৰুত্বপূৰ্ণ কথা সমগ্ৰ জিলাখনত ৰাজহুৱা স্থানত পাঁচজনকৈ অধিক লোকৰ সমাবেশ, শোভাযাত্ৰা আদি সম্পূণ কৈ বন্ধ থাকিব। নিৰ্দেশনা ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ধাৰা অধীনত বিহীত ব্যবস্থা গ্ৰহণ কৰা হ’ব বুলি স্পষ্টকৈ উল্লেখ আছে।













