ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু :সোমবাৰে সন্ধিয়া অসম-নাগালেণ্ড সীমান্তঞ্চলত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ ৷ কাৰবি আংলঙ জিলাৰ দলদলী সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় উক্ত ঘটনা ৷
দলদলী সংৰক্ষিত বনাঞ্চলত থকা বনবিভাগৰ নাৰ্চাৰীৰ সুৰক্ষাৰ বাবে থকা শিৱিৰত নগা-দূৰ্বৃত্তই হাতে হাতে অস্ত্ৰ-শস্ত্ৰলৈ আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সম্ভেদ লাভ কৰি জিলা আৰক্ষীৰ এক শীৰ্ষ পৰ্যায়ৰ দল ঘটনাস্থল পৰিদৰ্শন কৰে ৷
নিশা ঘোৰ অন্ধকাৰ আৰু নগা দূৰ্বৃত্তৰ অতৰ্কিত আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছিল ৷ জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীয়ে সংবাদমাধ্যমৰ আগত কয়যে, সমগ্ৰ ঘটনাকলৈ সন্দেহৰ সৃষ্টি হৈছে আৰু ইয়াৰ ওপৰত এক সু তদন্তৰ প্ৰয়োজন আছে ৷
তেওঁ ইয়াকো কয়যে যদিহে শিৱিৰটোত অস্ত্ৰ-শস্ত্ৰলৈ সু-সজ্জিতহৈ গণ আক্ৰমণ হৈছিল তেন্তে শিৱিৰটোৰ খুটা বা অইন বস্ত্তুত আক্ৰমণৰ চিন থাকিলেহেতেন কিন্তু তেনে কোনো চিন পৰিলক্ষিত হোৱা নাই ৷ যদিও উক্ত অগ্নিকাণ্ডত শিৱিৰটোত থকা অস্ৰ সমূহ জ্বলি যায় বুলি স্বীকাৰ কৰে ৷ সমগ্ৰ ঘটনাটোৰ সু তদন্ত হলেহে প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি কয় আৰক্ষীক অধীক্ষক গৰাকীয়ে ৷