ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৱা ২৪ ঘন্টাত ৰাজ্যত আকৌ ৯২জনৰ দেহত নতুনকৈ ধৰা পৰিছে কোভিড পজিটিভ।আনহাতে মঙলবাৰৰ দিনটোত ৰাজ্যত সুস্থ হয় ৩৪জন লোক।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১৮৮৩২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৬৮৩ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৫৬৯১ গৰাকী ব্যক্তি।অসমত মঙলবাৰৰ দিনটোত ক’ৰোনাত আক্ৰান্ত দুজনৰ মৃত্যু হয়।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যা ১১১১গৰাকীলৈ বৃদ্ধি পালে।