নিউজ ডেক্স:
আছিল বহু বিতর্ক। আছিল অভিযোগ। ইমান দিনে একো কথাই শুনা নাছিল মার্কিন চৰকাৰে। কিন্তু এইবাৰ শুনিলে। বাইডেন প্রশাসনে এক যুগান্তকাৰী সিদ্ধান্ত ল’লে। বন্ধ কৰি দিলে গুৱান্তানামো বে ডিটেনচন কেম্প। এই শিবিৰৰ সকলো বন্দীক অন্য ঠাইলৈ স্থানান্তৰ কৰা হৈছে।
গুৱান্তানামো বে ডিটেনচন কেম্পত কুখ্যাত সন্ত্রাসবাদীসকলক ৰখা হয়। বন্দীসকলৰ ওপৰত চলোৱা হয় অকথ্য নিৰ্যাতন। প্ৰথমাৱস্থাত এই খবৰ লুকুৱাই ৰখা হৈছিল। সংবাদমাধ্যমক প্ৰকৃততে ওচৰ চাপিবলৈ দিয়া হোৱা নাছিল ইয়াৰ চাৰিসীমাৰ ।
কিন্তু ক্রমে সকলো কথা পোহৰলৈ আহে। সত্য লুকুৱাই ৰাখিব পৰা নগ’ল। তেতিয়াই বিভিন্ন দিশৰপৰা মার্কিন প্রশাসনৰ ওপৰত চাপ আহিবলৈ ধৰিলে, যাতে মানৱাধিকাৰ ক্ষুণ্ণ কৰা এনে এটা বন্দীশিবিৰ বন্ধ কৰি দিয়া হয়।
দেওবাৰে মার্কিন সূত্রৰপৰা জানিব পৰা গৈছে, কেম্প ৭ ত বৰ্তমান মুহূর্তত ৪০ জন বন্দী আছিল। ইয়াৰ ভিতৰত ১১ জন যুদ্ধাপৰাধী। ইয়াৰোপৰি ৯/১১-কাণ্ডত জড়িত বন্দী আছে ৫জন। এওঁলোক সকলোকে স্থানান্তৰ কৰি লৈ যোৱা হৈছে কাৰাগাৰৰ অন্য শিবিৰলৈ। ট্রাম্পৰ আমোলত এই শিবিৰ তুলি দিয়াৰ কথা হৈছিল। কিন্তু সেই কথা কার্যকৰী হ’ল বাইডেনৰ আমোলত ৷