স্বাস্থ্য প্ৰতিবেদন:
দেশত তীব্ৰ গতিত ক’ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ। তাৰ মাজতে চলিছে ক’ৰোনাৰ বিৰুদ্ধে টীকাকৰণ অভিযান। কেইবা লাখ লোকে ইতিমধ্যে ক’ৰোনা টীকা লৈছে। আৰু প্রতিদিনে লৈ আছে যথেষ্ট লোকে ক’ৰোনাৰ টীকা।
এই টীকাৰ পার্শ্বপ্রতিক্রিয়া নাই বুলি সকলোকে সাৱধান হৈ থাকিবলৈ কৈছে বিশেষজ্ঞসকলে। টীকা লোৱাৰ পিছত যাতে কোনো সমস্যা নহয় তাৰ বাবে কেইবাটাও সাৱধানতা অৱলম্বন কৰাৰ পৰামর্শ দিয়া হৈছে। বিশেষকৈ ক’ৰোনাৰ টীকা লোৱাৰ পূৰ্বে আৰু পিছত খোৱা-লোৱাৰ বিষয়ত সকলোকে অলপ সতর্ক থাকিবলৈ অনুৰোধ কৰা হৈছে। জানি লওক
ক’ৰোনাৰ টীকা লোৱাৰ আগতে আৰু পিছত কি খাব আৰু কি নাখাব:
* গুৰুত্ব দিব লাগিব আপোনাৰ শৰীৰত যেন পানীৰ ঘাটি নাথাকে। তাৰ বাবে বেছি পৰিমাণত পানী খোৱা প্ৰয়োজন। শৰীৰত আর্দ্রতা ৰাখিব পৰা ফল খাব। ইয়াৰ ফলত শৰীৰে শক্তি পাব। শৰীৰ আর্দ্র থাকিলে ক’ৰোনা টীকাৰ পার্শ্বপ্রতিক্রিয়াই আপোনাৰ ওপৰত কম প্রভাৱ পেলাব।
* ক’ৰোনাৰ টীকা লোৱাৰ পিছত কাৰোবাৰ কাৰোবাৰ জ্বৰ আহিছে, ক্লান্তিবোধ হৈছে। কাৰোবাৰ কাৰোবাৰ ক্ষেত্রত আকৌ গা-হাত-ভৰিত বিষ হৈছে। এই পার্শ্বপ্রতিক্রিয়া এৰাই চলিবৰ বাবেই শৰীৰ আর্দ্র কৰি ৰখাটো জৰুৰী।
সেই কাৰণে টীকা লোৱাৰ পিছত মদ্যপান একেবাৰেই নকৰিব। মদ্যপান কৰিলে শৰীৰ ডিহাইড্রেটেড হৈ যাব পাৰে। ইয়াৰ উপৰি মদ্যপানৰ কাৰণে ৰোগ প্রতিৰোধ ক্ষমতাও কমি যোৱাৰ সম্ভাৱনা আছে। আৰু ইমিউনিটি দুর্বল হ’লে টীকাৰ পার্শ্বপ্রতিক্রিয়াই বেছি প্রভাৱ পেলাব।
* ব্রিটিছ জাৰ্নেল অব নিউট্রিচনত প্রকাশিত প্রবন্ধ অনুসাৰে টীকা লোৱাৰ আগে-পিছে গোটা শস্যজাতীয় খাদ্য খাওক, য’ত প্রচুৰ পৰিমাণে ফাইবাৰ আছে। অতিৰিক্ত ছেচুৰেটেড ফেট আৰু উচ্চ কেলৰিযুক্ত প্রক্রিয়াজাত খাদ্য এই সময়ত এৰাই চলাই ভাল।
* টীকা লোৱাৰ আগে-পিছে যি খাদ্য খাব, তাত যেন প্রচুৰ পৰিমাণে ফাইবাৰ থাকে। এই সময়ত পর্যাপ্ত বিশ্রাম ল’ব। মিঠাজাতীয় খাদ্য নোখোৱাই ভাল।
* ক’ৰোনাৰ টীকা লোৱাৰ পিছত কোনো কোনো অজ্ঞান হোৱাৰ খবৰো পোৱা গৈছে। এই পার্শ্বপ্রতিক্রিয়া এৰাবৰ বাবে ভালদৰে খোৱা-লোৱা কৰি টীকা ল’বলৈ যাওক। ঘৰতে তৈয়াৰী স্বাস্থ্যকৰ খাদ্য খাওক। ঘূৰি আহিও স্বাস্থ্যকৰ ঘৰুৱা খাদ্য খোৱাটো জৰুৰী।