অজন্তা তালুকদাৰ:
বোকাখাত : যি সময়ত ছাত্ৰ ছাত্ৰীৰ অভাবৰ বাবে বন্ধ হ’ব লগীয়া অৱস্থা হৈছে বহু অসমীয়া মাধ্যমৰ বিদ্যালয়, সেই সময়ত নুমলীগড়ৰ এখন চৰকাৰী বিদ্যালয়ত নামভৰ্তিৰ বাবে হোৱা শিক্ষাৰ্থীৰ অভাৱনীয় ভিৰে সচেতন মহলৰ দৃষ্টি কাঢ়িছে।
বিদ্যালয়খনত নামভৰ্তি কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীক নাম ভৰ্তি কৰিবলৈ সুবিধা দিব নোৱাৰাৰ বাবে বিমোৰত পৰিছে বিদ্যালয় কৰ্তৃপক্ষ । নুমলীগড়ত অবস্থিত নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়ত ষষ্ঠ শ্ৰেণীত মাথোঁ কেইদিনমানৰ আগতে নতুন শিক্ষা বৰ্ষত নাম ভৰ্তিৰ বাবে দুই শতাধিক ছাত্ৰ ছাত্ৰী বিদ্যালয়খনত সমবেত হোৱাৰ পাছত ১০ এপ্ৰিলত নৱম শ্ৰেণীৰ নাম ভৰ্তিৰ বাবে বিদ্যালয়খনত সমবেত হয় শতাধিক ছাত্ৰ ছাত্ৰী। বিদ্যালয়খনত এটা শ্ৰেণীত তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তিৰ ক্ষেত্ৰত বাৰুকৈ বিমোৰত পৰে কৰ্তৃপক্ষ।
কিয়নো বিদ্যালয়খনত ছটাকৈ শিক্ষকৰ পদ খালী হৈ থকাৰ লগতে শ্ৰেণী কোঠাৰ অভাৱ। ছাত্ৰ ছাত্ৰী সকলক নামভৰ্তিৰ বাবে চিন্তাত পৰিছে বিদ্যালয় কতৃপক্ষ। এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীৰ ভিৰ এক ইতিবাচক খৱৰ ।
বিদ্যালয়খনলৈ এনেদৰে শিক্ষাৰ্থী ঢপলিয়াই অহাৰ মূলতে যোৱা সময়ত বিদ্যালয় কৰ্তৃপক্ষই শৈক্ষিক পৰিৱেশ উত্তৰণৰ বাবে হাতত লৈছে কিছু ব্যতিক্ৰম কাৰ্যসূচী। নুমলীগড়, বিহৰা চাহ বাগিছাৰ মধ্যম স্থল নুমলীগড়ত অৱস্থিত বিদ্যালয় খনৰ গৰিষ্ঠ সংখ্যক শিক্ষাৰ্থী হল বাগিচাৰ। এনে পৰিস্থিতিত শিক্ষাৰ্থীসকলক আকৰ্ষণ কৰাতো অতি দুৰূহ।
তৎস্বত্বেও আনন্দদায়ক শৈক্ষিক পৰিৱেশ গঢ়ি শিক্ষাৰ্থী সকলক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে সচেতন অভিভাৱক সকলকৰো দৃষ্টি কঢ়ি আনিছে। বিদ্যালয় খনত অসমৰ থলুৱা কলা-কৃষ্টিৰ এক সংগ্ৰহালয় স্থাপন কৰা হৈছে। গণিত শিক্ষাক সহজলভ্য আৰু আকৰ্ষণীয় কৰিবলৈ গঢ়ি তোলা হৈছে এটা মেথ লেব। তাৰ লগতে আছে স্মাৰ্ট শ্ৰেণী কোঠা। তদুপৰি সময়ে সময়ে অনুষ্ঠিত হৈছে কেৰিয়াৰ কৰ্মশালা, লোক সংস্কৃতিৰ বিভিন্ন প্ৰদৰ্শনমূলক কাৰ্যসূচী। ইয়াৰ লগতে শিক্ষকে শিক্ষাৰ্থীৰ গৃৃহ পৰিদৰ্শন কৰি বুজ লয় শিক্ষাৰ্থীৰ বিভিন্ন অভাৱ।
ইয়াৰ বাবে কাষৰীয়া বাগিচাৰ মাতৃ সকলক লৈ গঠন কৰিছে বহু কেইটা গোট। যিয়ে শিক্ষাৰ্থীৰ অভাৱ, সমস্যাৰ বুজি সমাধানৰ ব্যৱস্থা কৰিব। যোৱা কভিড ১৯ ৰ সময়তো শিক্ষাৰ্থীৰ সহায় কৰিবলৈও বিভিন্ন প্ৰচেষ্টা হাতত লৈছিল ।
চৰকাৰী বিদ্যালয়লয়ৰ পয়া লগা অৱস্থা হোৱাৰ সময় বিদ্যালয়খনৰ এনে আশাব্যঞ্জক খবৰে সচেতন মহলৰ দৃষ্টি কাঢ়িছে। বিদ্যালয় খনৰ এই উত্তৰণৰ মূলতে বিদ্যালয় প্ৰধান মহেন শইকীয়া আৰু সহ শিক্ষক, পৰিচালনা সমিতিৰ প্ৰয়াস আৰু গোলাঘাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ডঃ সমীৰণ বৰাৰ উৎসাহিত কৰা বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইফালে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীও এইখন বিদ্যালয়লৈ নামভৰ্তিৰ বাবে ঢাপলি মেলাৰ বিষয়ে জনা গৈছে।