ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত পুনৰ যোৱা ২৪ ঘন্টাত নতুনকৈ ৫৮৩ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ১৯৩জন গুৱাহাটী মহানগৰীৰ।আনহাতে ৰাজ্যত সোমবাৰৰ দিনটোত সুস্থ হৈছে ৯৮জন লোক।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২২২০৮৯৩জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৩৮৭ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২১৬০৪১ গৰাকী ব্যক্তি।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ১১১৮ গৰাকীলৈ বৃদ্ধি পালে।