ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত প্ৰতিদিনে দ্ৰুতগতিত বাঢ়িছে ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ লোকৰ সংখ্যা।সোমবাৰে দিনটোত অসমত ক’ৰোনাত আক্ৰান্ত হোৱাৰ লোকৰ সংখ্যা ১৩৬৭জনলৈ বৃদ্ধি৷
যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬৫,৪১০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৩৬৭গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৪৮২গৰাকী কামৰূপ মেট্ৰৰ।আনহাতে সোমবাৰে ডিব্ৰুগড় জিলাত ১০৯জন, কামৰূপ জিলাত ১০৬জন আৰু শোণিতপুৰ জিলাত ৬৭জন লোক ক’ৰোনাত আক্ৰান্ত হয়।ৰাজ্যৰ পজিটিভিটী ৰেট ২.০৯ শতাংশলৈ বৃদ্ধি।
উল্লেখ্য যে সোমবাৰে মৃত্যু হয় ৭জনৰ। ইয়াৰে ৪জন কামৰূপ মহানগৰ জিলাৰ, এজন কামৰূপ জিলাৰ, এজন বাক্সা জিলাৰ আৰু এজন কাছাৰ জিলাৰ।