ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৬২৬২৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৩১৩২ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ১৩১৩জন লোক কামৰূপ মহানগৰৰ। মঙলবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ৫ শতাংশ।আনহাতে,মঙলবাৰৰ দিনটোত মৃত্যু হৈছে ১৮ জন লোকৰ।