স্বাস্থ্য প্ৰতিবেদন:
আঙুৰ খোৱাৰ বহু উপকাৰিতাৰ লগতে আছে বিভিন্ন অসুবিধাও। আপুনি জানি অবাক হ’ব যে বেছিকৈ আঙুৰ খোৱাৰ ফলত ছেলিছাইক্লিক এচিড লগতে হজমৰ সমস্যা হ’ব পাৰে। আপুনি যেতিয়া বেছি আঙুৰ খায় তেতিয়াই এইটো ঘটে। দিনত খুব বেছি আঙুৰ খালে ই ডায়েৰিয়াৰ কাৰণ হ’ব পাৰে। ওজন বৃদ্ধিতো অতিৰিক্ত আঙুৰ গ্রহণৰ সম্ভাব্য পার্শ্ব প্রতিক্রিয়া আছে।
কিন্তু আপুনি যদি ক’লা আঙুৰ খায় তেতিয়াহ’লে ই খুব উপকাৰী। ক’লা আঙুৰৰ ৫টা উপকাৰিতা জানো আহক।
১. ক’লা আঙুৰে স্মৃতিশক্তি বঢ়ায় :
ক’লা আঙুৰ খালে স্মৃতিশক্তি বাঢ়ে। ক’লা আঙুৰে মস্তিষ্কৰ ক্রিয়াকলাপ বৃদ্ধি কৰে।
২. ইনছুলিন বঢ়ায় :
ক’লা আঙুৰ খালে ৰক্তত ইনছুলিনো বাঢ়ে। ইয়াত ৰেচভেস্ট্রাল নামৰ এটি পদার্থ আছে যিয়ে ইনছুলিন বঢ়ায়।
৩. কোলেষ্টেৰল নিয়ন্ত্রণ কৰে :
ক’লা আঙুৰত থকা ছাইটোকেমিকেলবোৰ হৃৎপিণ্ডৰ বাবে ভাল আৰু কোলেষ্টেৰল নিয়ন্ত্রণ কৰে।
৪. চুলিৰ বাবে স্বাস্থ্যকৰ :
আপোনাৰ যদি চুলি সম্পৰ্কীয় কোনো সমস্যা আছে তেন্তে অৱশ্যেই ক’লা আঙুৰ খাব লাগিব। ইয়াত পোৱা ভিটামিন ই খুব উপকাৰী।
৫. ওজন কমোৱাত সহায় কৰে :
ক’লা আঙুৰ খালে ওজন কমোৱাত সহায় কৰে।