স্বাস্থ্য প্ৰতিবেদন:
নিজকে ফিট আৰু শক্তিশালী কৰি ৰাখিবলৈ গ্রীষ্মকালত ফল খোৱাৰ পৰামর্শ দিয়া হয় যাতে আমি শৰীৰক সুদৃঢ় আৰু সুস্থ ৰাখিব পাৰো। গ্রীষ্মকালত মৌচুমী খোৱাটো অতি প্ৰয়োজনীয় বিবেচিত হয়। কাৰণ এই ফলত ফাইবাৰ, ভিটামিন আৰু পটাচিয়াম প্রচুৰ পৰিমাণে পোৱা যায়। সেয়ে গ্রীষ্মত মৌচুমী খোৱাৰ পৰামর্শ দিয়া হয়।
শৰীৰৰ ইমিউনিটি শক্তিশালীহৈ থাকে :
কৰোনাৰ সময়ত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী ৰখাটো অত্যন্ত গুৰুত্বপূর্ণ হিচাবে বিবেচিত হয়। এনে পৰিস্থিতিত ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী ৰখাটো অতি ভাল বুলি বিবেচিত হয়। ইয়াৰ বাবে মৌচুমীৰ ৰস খাব পাৰে। এই ফলত ভিটামিন চি পর্যাপ্ত পৰিমাণে পোৱা যায় যিয়ে দেহৰ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায় আৰু শৰীৰক ৰোগৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।
মৌচুমীয়ে শৰীৰ ঠাণ্ডা ৰাখে :
মৌচুমী খালে শৰীৰ ঠাণ্ডা হৈ থাকে। মৌচুমীৰ এটি বিশেষ বৈশিষ্ট্য হ’ল ই এমাহ পৰ্যন্ত বেয়া নহয়। সেয়ে গ্রীষ্মৰ বতৰত ই এবিধ ভাল ফল হিচাবে বিবেচিত হয়।
ৰক্ত পৰিষ্কাৰ কৰি ৰাখে থাকে :
মৌচুমী খালে শৰীৰৰ ৰক্ত পৰিষ্কাৰ হৈ থাকে। যাৰ কাৰণে পেটৰ সমস্যা নহয়। ইয়াৰ উপৰি ছাল সম্পৰ্কীয় ৰোগতো মৌচুমী উপকাৰী হিচাবে বিবেচনা কৰা হয়।
ৰক্তচাপ সঠিক ৰাখে:
নিয়ন্ত্রিতভাবে খালে ৰক্তচাপৰ সমস্যাৰ পৰাও মুক্তি দিয়ে। কাৰণ ই শৰীৰক ডিটক্সিফাই কৰে আৰু দেহৰ টক্সিনবোৰ ওলাই আহে। সেয়ে ৰক্তচাপৰ ৰোগীসকলৰ বাবেও ই উপকাৰী হিচাবে বিবেচিত হয়।
গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যা নহয় :
যদি প্রতিদিনে মৌচুমী খায় তেতিয়াহ’লে গেছ আৰু কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰাও মুক্তি পাব।