নিউজ ডেস্কঃ
কৰোনাৰ সঙ্কটৰ মাজতো জিএছটিৰ বাবদ উপাৰ্জনত ৰেকর্ড সৃষ্টি কেন্দ্রীয় চৰকাৰৰ। এপ্রিল মাহৰ জিএছটি সংক্ৰান্তীয় কেন্দ্রীয় বিত্ত মন্ত্ৰালয়ৰ তথ্য অনুযায়ী, ১ লাখ ৪১ হাজাৰ ৩৮৪ কোটি টকা ৰাজকোষত সোমাইছে। ইয়াৰ ভিতৰত কেন্দ্রীয় চৰকাৰৰ অংশ হৈছে ২৭ হাজাৰ ৮৩৭ কোটি টকা। ৰাজ্যিক শিতানত জমা হৈছে ৩৫ হাজাৰ ৬২১ কোটি টকা। বিত্ত মন্ত্ৰালয়ে জনোৱা মতে, ২০১৭ চনত জিএছটি আৰম্ভ হোৱাৰ পিছৰ পৰা এই পর্যন্ত ২০২১ৰ এপ্রিলৰ উপাৰ্জনেই সর্বোচ্চ।