স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ সময়ত নহৰু খোৱাটো শৰীৰৰ বাবে অতি উপকাৰী। সংক্রমণৰ পৰা হাত সাৰিবলৈ নহৰুৰ সৈতে মৌ-আদাৰ ৰস মিহলাই খাব পাৰে। নহৰু খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হয় আৰু বহু বিপজ্জনক ৰোগৰ পৰা ৰক্ষা কৰে।
নহৰুত এন্টি-অক্সিডেন্ট, এন্টি-ফাঙ্গাল, এন্টি-ভাইৰেলযুক্ত ঔষধি উপাদান আছে। নহৰু খালে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে আৰু বহু ধৰণৰ সংক্রমণৰ পৰা ৰক্ষা পোৱা যায়।
নহৰুই এইবোৰ ৰোগৰ পৰা ৰক্ষা কৰে :
১. হার্টৰ অসুখ-
পুৱা খালী পেটত নহৰু খালে কোলেষ্টেৰল হ্রাস পায় আৰু হৃদপিণ্ড সুস্থ থাকে।
২. শ্বাস-প্রশ্বাস ৰোগ-
শ্বাসকষ্টৰ ৰোগীয়ে নহৰুৰ এটি কোহ গৰম কৰি নিমখেৰে খোৱা উচিত।
৩. পেটৰ ৰোগ-
পেটৰ সমস্যাত হয় নহৰু খাব পাৰে। ইয়াৰ বাবে নহৰু খুব উপকাৰী।
৪. গেছ বা এচিডিটি-
আপোনাৰ যদি গেছ আৰু এচিডিটিৰ সমস্যা হয় তেন্তে খোৱাৰ আগতে অলপ ঘিউত ১-২ কোহ নহৰু, জালুক আৰু ক’লা নিমখ দি খাওক।
৫. দাঁতৰ বিষ-
দাঁতৰ বিষত নহৰু পিহি লগাওক। আৰাম পাব।